Posts

প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ ১৩ টা সহজ উপায়

Image
নমস্কাৰ, দুদিনৰ বিৰতিৰ পিছত মই আকৌ আপোনাসৱৰ মাজলৈ লৈ আহিছো মোৰ ব্লগ৷ আজি মই আপোনালোকৰ লগত এটি নতুন বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম৷ আজি মই আপোনালোকক প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত কিছুমান সহজ পদ্ধতি জনাবলৈ চেষ্টা কৰিম যিয়ে আপোনাক কিছুমান কাম অনায়াসে কৰিবলৈ সহজ কৰি তুলিব৷ ১) আপুনি এঠাইলৈ যাব বিচাৰে৷ কিন্তু আপোনাৰ ফোনটোৰ চাৰ্জ নাই আৰু আপোনাৰ ফোনটো অতি সোনকালে চাৰ্জ হোৱাটো বিচাৰে তেন্তে ফোনটো Flight Mode ত ৰাখি চাৰ্জ কৰক৷ অতি সোনকালে আপোনাৰ ফোন চাৰ্জ হৈ যাব৷ ২) আপোনাৰ ফোনত যদি টাইমাৰ বা ষ্টপওৱাচ নাই চিন্তা নকৰিব৷ গুগলত গৈ টাইপ কৰক Set Timer for ....... Minutes ...........ৰ ঠাইত আপুনি যিমান সময় বিচাৰে সিমান সময় লিখি দিয়ক৷ চাব আপোনাৰ গুগল টাইমাৰে কাম কৰিব আৰম্ভ কৰিছে৷ ৩) আপুনি যদি বেটাৰীটোৰ সম্ভাৱ্য সময়সীমা চাব বিচাৰে আপুনি বেটাৰীটো ৬ ইঞ্চি ওপৰৰ পৰা মাটিত পেলাই দিয়ক যদি বেটাৰীটো অলপমান ওপৰলৈ উঠি আহিছে তেন্তে বেটাৰীটো ঠিকে আছে, যদিহে সি বেছিকৈ জাঁপ খাই জানিব তাৰ অন্তিম সময় সমাগত৷ ৪) আপোনাৰ বেটাৰীত যদি ৫ শতাংশ চাৰ্জ আৰু আপুনি ৫ শতাংশ কৰি ৰাখিব বিচাৰে আপোনাৰ ফোনটো Filght Mo

১০ পাছ কেন্দ্ৰীয় চৰকাৰৰ ১০,০০০ পদ খালী, SSC

Image
নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কোনো আশ্চৰ্য্যজনক তথ্য নিদিও৷ আজি আপোনালোকক অসমত মুকলি হোৱা এটা চৰকাৰী চাকৰিৰ বিষয়েহে কম৷ আপোনালোকে নিশ্চয় গম পাইছে চাগৈ যে SSC য়ে ১০,০০০ পদ মুকলি কৰি দিছে আপোনালোকলৈ৷ মই আজি এই সন্দৰ্ভত আপোনালোকক কিছু কম৷ আৰু লিঙ্কসমূহ দিম৷ চাকৰি- দশম মান উত্তীৰ্ণ সকললৈ এক সুখবৰ যে আপোনালোকৰ সুবিধাৰ্থে কেন্দীয় চৰকাৰ অধীনষ্ঠ পদ যেনে, চকিদাৰ, চাফাৰিৱালা, জামাদাৰ, অপাৰেটৰ ইত্যাদিৰ বাবে ১০,০০০ পদ মুকলি কৰি দিছে৷ ইয়াৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব ষ্টাফ চিলেকচন কমিচনে৷ যাক আমি চমুকৈ এছ এছ চি বুলি জানো৷ SSC ৰ বিভাগীয় বিজ্ঞাপন চাবলৈ ক্লিক কৰক শিক্ষাগত অৰ্হতা-  দশম শ্ৰেণী উত্তীৰ্ণ বয়স- আবেদনকৰ্ত্তাৰ বয়স নুন্যতম ১৮ বছৰ আৰু উৰ্দ্ধতম ২৫ বছৰ৷ কিন্তু আপুনি যদি OBC তেন্তে আপোনাৰ ৩ বছৰ বেছি হলেও গ্ৰহণযোগ্য হব আৰু যদি আপুনি ST অথবা SC ৰ অধীনত আছে তেন্তা আপোনাৰ ৫ বছৰ বেছি হব৷ আবেদন প্ৰক্ৰিয়া- আপুনি আবেদন অনলাইনৰ মাধ্যমেৰে কৰিব লাগিব৷ আবেদন মাচুল - আপুনি যদি General আৰু OBC হয় তেন্তে ১০০ টকাকৈ আবেদন মাচুল দিব লাগিব আৰু যদিহে আবেদনকৰ্ত্তা ST/SC, মহিলা

জাপানৰ আশ্চয্যজনক তথ্য

Image
নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক আন এখন দেশ জাপানৰ বিষয়ে কবলৈ চেষ্টা কৰিম৷ প্ৰযুক্তিবিদ্যা নিৰ্মান তথা ব্যৱহাৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম দেশ জাপান৷ আহকচোন দেশখনৰ বিষয়ে কিছু তথ্য আহৰণ কৰো৷ ১) এচিয়া মহাদেশৰ এখন দ্বীপ ৰাষ্ট্ৰ জাপান৷ জাপানৰ ৰাজধানী টকিঅ’৷ ২) টকিঅ’ৰ বাহিৰেও জাপানত য়োকোহামা, ওসাকা আৰু কিয়োটো নামৰ আন তিনিখন ডাঙৰ চহৰ আছে৷ ৩) ৬ শতাব্দীত জাপানত বৌদ্ধ ধৰ্মৰ প্ৰচাৰক উপস্থিত হৈছিল৷ ৪) জাপান প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত আৰু ইয়াৰ ওচৰে ৰুচ, চীন, কোৰিয়া আদি দেশ অৱস্থিত৷ ৫) আপুনি চাগৈ নিশ্চয় ভেণ্ডিং মেচিনৰ নাম শুনিছে৷ ভেণ্ডিঁ মেচিন এনেকুৱা এটা মেচিন যত আপুনি পইচা ভৰাই দিলেই তাত উপলদ্ধ আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীটো পাব৷ আৰু সেই ভেণ্ডিং মেচিন জাপানৰ বাটে-ঘাটে প্ৰায়ে দেখিবলৈ পোৱা যায়৷ ৬) জাপানত প্ৰায় ৫৫ লাখ ভেণ্ডিং মেচিন আছে৷ ৭) জাপান সাক্ষৰতাৰ হাৰ বিশ্বৰ সকলো দেশতকৈ বেছি৷ ইয়াৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ৷ উত্তৰ কোৰিয়াৰ বিষয়ে জানিবলৈ মোক ক্লিক কৰক ৮) জাপানৰ বাতৰি কাকতত আন আন দেশৰ দৰে ৰাজনীতি, দুৰ্ঘটনা, চিনেমা, কাজিয়া, চোৰ-ডকাইতি ইত্যাদিৰ

উত্তৰ কোৰিয়াৰ ৰহস্যজনক তথ্য

Image
নমস্কাৰ বন্ধুসকল, আমি জানো যে কিছুমান মানুহে নিজৰ দেশ এৰি আনৰ দেশত থাকিবলৈ ভাল পাই৷ হয়তো আপুনিও আন এখন দেশত থকাৰ কল্পনা কৰে৷ কিন্তু বিশ্বত কিছুমান এনেকুৱা দেশ আছে যত আপুনি বাস কৰাৰ কল্পনা কৰিব নোৱাৰে৷ আজি আমি আপোনাক এনে এখন দেশৰ বিষযে কম৷ দেশখনৰ নাম হৈছে উত্তৰ কোৰিয়া৷ উত্তৰ কোৰিয়া এনে এখন দেশ যত আপুনি বিভিন্ন নীতি নিয়ম আৰু নিষেধাজ্ঞাৰ মাজত চলিব লাগিব ইয়াক উলংঘা কৰিব চেষ্টা কৰিলে আপোনাৰ শাস্তি মৃত্যুদণ্ড পৰ্যন্ত হব পাৰে৷ আহকচোন আমি তলত আৰু বিশদভাৱে পঢ়ো।  ১) উত্তৰ কোৰিয়াত কোনেও নিজৰ ইচ্ছামতে অথবা নিজৰ ষ্টাইলত চুলি কাটিব নোৱাৰে৷ তাত মহিলাৰ কাৰণে ২৮ টা  আৰু পুৰুষৰ কাৰণে ১০ টা চুলিৰ কাট নিৰ্দ্ধাৰণ কৰি দিয়া আছে৷ তাৰ বাহিৰে অন্য কোনোধৰণৰ চুলিৰ কাট তাত নচলে৷ ২)  উত্তৰ কোৰিয়াৰ নিজা চাৰ্চ ইঞ্জিন আছে৷ যি কোৰিয়ান ভাষাত চলে৷ তাত গুগল, ফেচবুক সম্পূৰ্ণৰূপে নিষিদ্ধ৷ ৩)  উত্তৰ কোৰিয়াৰ সকলোতকৈ ক্ৰুৰ শাসকজন আছিল কিম জং উন৷ তেওঁ নিজৰ খুডাকক উলংগ কৰি ১২০ টা কুকুৰৰ মাজলৈ দলিয়াই দিছিল যাতে তেওঁক কুকুৰকেইটাই খাই পেলায়৷ ৪)  উত্তৰ কোৰিয়াত কেইজনমান বিশেষ ব্যক্তিৰ বাহিৰে কোনেও ইন্টাৰনেট ব

চাহৰ ২২ টা নজনা কথা

Image
নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম আন এটি গুৰুত্বপূৰ্ণ বিষয়ক লৈ৷ যেতিয়া কোনো কাম কৰি ভাগৰি পৰো তেতিয়া নিশ্চয় আমি একাপ চাহ খাব বিচাৰো৷ আপুনিও বিচাৰে নিশ্চয়৷ এইটো স্বাভাৱিক কথা৷ এই চাহৰ আপুনি কিছু আশ্চৰ্য্যজনক কথা জানেনে ? আহকচোন আজি আমি অলপ চাহৰ বিষয়ে আলোচনা কৰো৷ ১) চাহ প্ৰথমে চীনদেশত আৱিস্কাৰ হৈছিল৷ ২) প্ৰথমে চাহৰ বিষয়ে কোনেওঁ একো জনা নাছিল৷ এদিন চীনা সম্ৰাট শ্বেন নুঙে গৰম পানী খবলৈ পানী উতলাবলৈ দিছিল৷ হঠাৎ উতলা পানীত এডাল গছৰ পৰা কেইটামান পাত সৰি পৰিল আৰু পানীখিনিৰ ৰঙ ক্ৰমে ৰঙা হৈ পৰিল৷ তাৰ পিছত  সম্ৰাটে পানীয়খিনি খাই ইয়াক বৰ সোৱাদ পালে৷ আৰু সেইদিনাৰ পৰা ইয়াৰ নামাকৰণ কৰিলে৷ ৩) পোনপ্ৰথমে চাহক মাত্ৰ পানীলগাৰ ঔষধ হিচাপে সেৱন কৰিছিল৷ কিন্তু ভাৰতবৰ্ষত ইয়াৰ প্ৰচলন আৰম্ভ হোৱাৰ পৰা পানীয়ৰ ৰূপত ব্যৱহাৰ কৰা আৰম্ভ কৰিলে৷ ৪) ভাৰতত চাহৰ প্ৰচলন ১৮৩৫ চনত হৈছিল৷ ৫) পানীৰ পিছতে চাহ এনেকুৱা এটা জুলীয় পদাৰ্থ যাক বিশ্বত সৰ্বাধিক মানুহে সেৱন কৰে৷ ৬) চাহ আফগানিস্থান আৰু ইৰাণৰ ৰাষ্ট্ৰীয় পণ্য৷ ৭) চাহ উৎপাদনত ভাৰত দ্বিতীয় স্থানত আৰু চীন প্ৰথম স্থান আছে৷ আপুনি প্ৰযুক্তিবিদ্

Facebook ৰ বিষয়ে ৩৫ টা আমোদজনক তথ্য

Image
নমস্কাৰ, পোনপ্ৰথমে আমি অসমীয়া জাতিৰ হিয়াৰ আমঠু বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো৷ অনাগত দিনবোৰ সুখৰ হওঁক অনাবিল আনন্দৰে ভৰি পৰক আপোনাসৱৰ জীৱন৷ আজি আমি পুনৰবাৰ আপোনসৱক আন এটি জনপ্ৰিয় এপ Facebook ৰ বিষয়ে কিছু আমোদজনক তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম৷ এইখিনিতে আমাৰ এটি বিনম্ৰ অনুৰোধ আপোনালোকে  যেন লেখাটো শেষলৈ পঢ়ি আনকো পঢ়াৰ সুবিধা কৰি দি আগলৈ ভাগ-বতৰা কৰে৷ ১) আমেৰিকা যুক্তৰাষ্ট্ৰত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ৭১ শতাংত লোকে  Facebook ব্যৱহাৰ কৰে৷ ২) ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে  Facebook প্ৰতিস্থাপিত হৈছিল৷ ৩)  Facebook অকল হিন্দী অথবা  ইংৰাজীতেই নহয় মুঠ ৭০ টা ভাষাত  Facebook ব্যৱহাৰ কৰিব পাৰি৷ ৪)  Facebook ব্যৱহাৰকাৰীৰ মাধ্যেমেৰে  Facebook ত প্ৰতি ২০ মিনিটত ১ মিলিয়ন লাইক আৰু শ্বেয়াৰ হয়৷ ৫)  Facebook ত প্ৰতি ২০ মিনিটত ১৮,৫১,০০০ টা ষ্টেটাছ আপডেট হয়৷ ৬) আপুনি জানি হয়তো আচৰিত হব  Facebook ত প্ৰতিমাহত ২.৫ বিলিয়ন ফটো আপলোড হয়৷ ৭) আপুনি জানেনে  Facebook বিশ্বৰ সমগ্ৰ দেশতে উপলদ্ধ নহয়৷ চীন, ভিয়েটমান, উত্তৰ কোৰিয়া, বাংলাদেশ, টাজিকিস্তান, চিৰিয়া, মৰক্কো আৰু ই

Whatsapp ৰ আমোদজনক কথা

Image
নমস্কাৰ বন্ধুসকল, আজি আমি এটি জনপ্ৰিয় এপৰ ওপৰত আলোচনা কৰিম৷ আমি সকলোৱে নিশ্চয় Whatsapp নামৰ এপটো ব্যৱহাৰ কৰো৷ কোনেনো নকৰে সকলোৱে কৰে৷ পৃথিৱীৰ প্ৰায় সকলো স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ  Whatsapp একাউন্ট আছে৷ এই  Whatsapp ৰো কিছু আমোদজনক কথা আছে৷ যাক আজি আমি আপোনালোকৰ সন্মুখত ডাঙি ধৰিম৷ আপোনালোকক অনুৰোধ জনাওঁ যে অনুগ্ৰহ কৰি আধাৰ পৰা নপঢ়াকৈ এৰি নাযাব, কাৰণ আপুনি যিমান তললৈ পঢ়িব সিমান আচৰিত আৰু আমোদজনক তথ্য পঢ়িবলৈ পাব৷ ১) পৃথিৱীৰ ভিতৰত চতুৰ্থতম সকলোতকৈ বেছি ডাউনলোড কৰা এপ  Whatsapp ২)  Whatsapp নামটোৰ মূল শব্দ হৈছে What's up মানে কি হৈ আছে৷ ৩)  Whatsapp প্ৰথমে প্ৰিমিয়াম আছিল অৰ্থাৎ ইয়াৰ বাবে আমি ব্যয় কৰিব লগীয়া আছিল কিন্তু এতিয়া সম্পূৰ্ণ ফ্ৰী৷ ৪)  Whatsapp ৰ সকলোতকৈ বেছি লাভ ভাৰতৰ পৰা হয়৷ কিয়নো  Whatsapp ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত সকলোতকৈ বেছি৷ ৫) এজন সাধাৰণ  Whatsapp ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে গড়ে ২৩ বাৰ  Whatsapp চেক্ কৰে৷ ৬)  Whatsapp No ads policy ত চলে সেয়েহে ইয়াত আমি কোনোধৰণৰ কোম্পানীৰ বিজ্ঞাপন দেখিবলৈ  নাপাওঁ৷ ৭) Whatsapp ১০০ কৌটিতকৈও অধিক গ্ৰুপ আছে৷ ৮)